এতিয়া বিজ্ঞানৰ যুগ, বিশ্বায়নৰ (Globalization) যুগ, তথ্য প্ৰযুক্তিৰ (Information technology) যুগ। এতিয়া যেন অসম্ভৱ বুলিবলৈ একোৱেই নাই। সেয়ে, আগতকৈ মানুহৰ জীৱন যাত্ৰা অধিক সুচল হৈছে, যদিও প্ৰতিটো ক্ষেত্ৰতে তীব্ৰ প্ৰতিযোগিতাৰো সন্মুখীন হ’বলগীয়া হৈছে। ছাত্ৰ-ছাত্ৰীৰ বাবে এই বিষয়টো আৰু অধিক চিন্তনীয়। কিয়নো, এতিয়া সকলো সলনি হ’ল। সলনি হ’ল পৰীক্ষাৰ পৰিসৰ আৰু পদ্ধতি (MCQ system)। সলনি হ’ল জ্ঞান লাভৰ আহিলা। কেৱল স্কুল, কলেজৰ ওপৰতেই নিৰ্ভৰশীল হৈ থকা নাই আজিৰ শিক্ষা ব্যৱস্থা। মনলৈ অহা যিকোনো প্ৰশ্নৰ উত্তৰ পাত-পাতকৈ জানিবলৈ মোবাইলটোৱেই যথেষ্ট।
কিন্তু পঢ়া কথাবোৰ মনত ৰখাৰ ক্ষেত্ৰতহে ছাত্ৰ-ছাত্ৰীয়ে ভীষণ আহুকালৰ সন্মুখীন হ’বলগীয়া হয়। সেয়ে “ ছাত্ৰ জীৱন সুখৰ জীৱন, যদি নাহে Examination ” এই আপ্ত বাক্য শাৰী যুগ যুগ ধৰি আমাৰ সমাজত চৰ্চিত হৈ আহিছে। কাৰণ পঢ়া কথাবোৰ পৰীক্ষা গৃহত পাহৰি যোৱা মানেই যেন অজস্ৰ লানি নিছিগা সমস্যাৰ আৰম্ভণি। যেনে — আশা কৰা মতে নম্বৰ নোপোৱা, আত্মীয় স্বজনৰ গ্লানিৰ সন্মুখীন হোৱা, লাহে লাহে পঢ়াৰ প্ৰতি অনিহা জন্মা, ইত্যাদি ইত্যাদি …।
অথচ, মনত ৰখাৰ উপায় হিচাপে অতীজৰে পৰা আমি কেইটামান নিৰ্দিষ্ট কৌশলকে অৱলম্বন কৰি আহিবলগীয়া হৈছে। যেনে – একেটা কথাকে বাৰে বাৰে পঢ়া, আগতকৈ বেছি সময় পঢ়া, লিখি লিখি পঢ়া, গুৰুত্বপূৰ্ণ কথাবোৰ সদায় চকুত পৰাকৈ বেৰত আঁৰি লৈ হ’লেও পঢ়া। মুঠতে কেৱল পঢ়া, পঢ়া আৰু পঢ়া। লাগিলে ই যিমানেই বিৰক্তিদায়ক নহওক কিয়, অতিৰিক্ত জোৰ লগাই পঢ়াৰ বাহিৰে যেন কোনো গত্যন্তৰ নাই। ইয়াৰ ফলত বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে হতাশ বা বিষাদগ্ৰস্ত হোৱাৰ উপৰিও কেতিয়াবা কেতিয়াবা আনকি আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লোৱাও পৰিলক্ষিত হয়।
কিন্তু আধুনিক মনোবিজ্ঞানৰ মতে উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে আমাৰ স্মৃতি শক্তি আশ্চৰ্য্যজনক ভাৱে কেইবাগুনো বৃদ্ধি কৰিব পাৰি। আপোনালোকে জানি সুখী হ’ব যে “4G MEMORY MANTRA” হ’ল এনে এক বৈজ্ঞানিক প্ৰশিক্ষণ যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে স্কুল কলেজৰ পাঠ্যক্ৰমৰ উপৰিও যিকোনো তথ্য অতি কম সময়ৰ ভিতৰতে চিৰদিনলৈ মনত ৰাখি প্ৰয়োজনত হুবহু মনত পেলাব পাৰিব।